Bookmark now @ Mp3Plus.in
SpicySong.Com (High Speed Download)

Share your messege & No Spam!

*Note : Please kindly post only Message and SMS in Assamese language. And don't post any contact information, like phone number, Email etc. Otherwise We will not responsible for any controversy. We can remove any message at any time without notice.
Your Name:

Messege:


 Hiranyajit Moran
(11-07-16) 01:49 AM
like 214
তুমি হাঁহিলেও প্ৰকৃতিয়ে নাহাহে কিজানিবা লাজ পায় তোমাৰ তুলনাত ....

like Like


 Elias Khan
(02-07-16) 20:57 PM
like 325
ঈদ মানে হাসি, ঈদ মানে আশা। ঈদ মানে তোমার প্রতি আমার ভালোবাসা। ঈদ মানে দুর আকাশে মিষ্টি চাঁদের হাসি। ঈদ মানে সুখ সাগরে সবাই মিলে ভাসি। ঈদ মোবারক ।

like Like


 Dhanmonjit Rayy
(22-06-16) 01:12 AM
like 237
Ratir Akaxot Kiman Tora .Adin Moi Khir Kir Kahxot Akaxkhn Sai Sai Xui Golo. Kio Tumi Xopunor Logot Cinaki Korila Xopun Bor Xekh Howar Pichoto Aji Anubhob Korisu Birohr Bedona Gd Nght

like Like


 Mainul (Babu)
(13-06-16) 13:54 PM
like 255
নৈ খনৰ ইটো পাৰে মই ৰৈ
আছিলো কাৰোবাৰ অপেক্ষ্যাত
পলকতে বাঢ়ি অহা পানীৰ
কোৱাল সোঁতে
উটুৱাই লৈ গল
মোৰ ভাবনাৰ আবৰ্জনা বোৰ
এবাৰ ৰৈ যোৱা
কাৰোবাৰ অচিনাকি ঘাটত
ৰদৰ তাপ আৰু পোহৰত
জিক্ মিকাই থকা
বালিৰ মাজে মাজে বিচাৰি যাম
ৰৈ যোৱা অচিনাকী ঘাটলৈ
মোৰ ভাবনাৰ আবৰ্জনা বোৰ ।

like Like


 Tarikul islam
(07-06-16) 23:40 PM
like 287
তুমি হাহিলে আকাশৰ জোনটি এ পোহৰ দিয়ে

like Like


 pranay.8876679657
(17-03-16) 08:39 AM
like 310
প্রেম করা নাযায় , প্রেম হৈ যায়, কব নোরারাকৈ, প্রেম,বা ভালপোরা এবারেই হয়, যাক জীরন গলেও পাহরিব নোরারি, যাক এরি,পাহরি,আতরি থাকিব নোরারী যি মরার পাছটো অমর যি সুখে দুখে সদায় ওরে জীবন লগত সহারি দিয়ে, যি কেতিয়াও বিশ্বাসঘাটক নকরে, যি ধনর মোহ গৈ দুখীয়া বুলি অকলশরী নকরে... সেয়াই সচাঁ ভালপোরা, ভালপোরা বা প্রেম হবলে বহুত সময় নালাগে কারোবার এপলক চাউনীয়েই যথেস্ট.....এটা মুহোর্তই যথেস্ট...

like Like


 Admin
(10-03-16) 10:10 AM
like 296
চকুত যদি চকুৰ পানী नाথাকিল হেঁতেন চকুজুৰী ইমান ধুনীয়া নহল হেতেন , জীবনত যদি দুখ নাথাকিলে হেঁতেন সুখ বোৰ ইমান মধুৰ নহল হেঁতেন বিচৰা বোৰ যদি ওচৰতে পালো হেঁতেন তেনেহলে জিয়াই থকাৰ আশাই নাথাকিল হেতেন

like Like


 Admin
(10-03-16) 10:09 AM
like 323
ফুল মই ভাল পাওঁ
বিচাৰি নাপাওঁ…
তোমাক মই ভাল পাওঁ
কাষত যে নাপাওঁ…

like Like


 Admin
(10-03-16) 10:04 AM
like 183
জীবন থাকে মানে হাহিয়ে থাকিবা
উদ্যম থাকে মানে চেস্টা কৰিবা
যদিহে জীবনত নকৰা ভুল
তোমাৰ জীবনটো হব এপাহি সুগন্ধী শেয়ালী ফুল .

like Like


 Admin
(10-03-16) 09:58 AM
like 173
অন্ধৰ দৰে ভালপাইছিলো আৰু মুৰ্খৰ দৰে বিশ্বাস কৰিছিলো..! পালো কি হেৰুৱালো কি..? এতিয়া প্ৰতিদিনেই কৱৰ দি আছোঁ ভালপোৱা বোৰ ! ভালপোৱাৰ সমাধিত পৰিণত হৃদয়.... কেতিয়াবা মাজনিশা সমাধি বোৰ সাৰ পাই উঠে আৰ্তনাদ কৰে মোৰ হৃদয়ত.... মুক্ত হব বিচাৰে এখন ভালপোৱাৰ পৃথিৱীত...!!

like Like


 Admin
(10-03-16) 09:57 AM
like 171
তোমাৰ হাতত জেতুকাৰ ৰং উজলিব.... মোৰ দুহাতত সেমেকিব বিষাদৰ ৰং... মোৰ বুকুৰে তেজ নিগৰি তোমাৰ কপাল সেন্দুৰীয়া হব.... এয়াই জানা ভালপোৱাৰ ৰং.. আহা আমি আকৌ খেলো... মোৰ তেজেৰে লুতুৰি পুতুৰি... এবুকু বিষাদৰ ডাৱৰে আৱৰা তোমাৰ চিৰ পৰিচিত খেল.. ভালপাওঁ ভালপাওঁ তোষামোদৰ খেল....!

like Like


 Admin
(10-03-16) 09:57 AM
like 193
চকুপানীবোৰ তেতিয়াও ভালকৈ নোলায় যেতিয়া আপুনি কাৰোবাক মিচ কৰে, চকুপানীবোৰ তেতিয়াহে ভালকৈ ওলায় , যেতিয়া কেতিয়াও মিচ কৰিব নোখোজাজনক মিচ কৰিবলৈ আৰম্ভ কৰে ৷

like Like


 Admin
(10-03-16) 09:53 AM
like 183
উকিয়াই আহে স্মৃতিৰ ৰেলগাড়ী বুকুৰ সোঁমাজেদি...
তোমাৰ ভাৱনাই দহে মন প্ৰতি-পল, প্ৰতি-নিয়ত...
এটা নিশা পাৰ হ'ব উজাগৰে যন্ত্ৰণাই কোঙা কৰিব মন..

like Like


 Admin
(10-03-16) 09:52 AM
like 198
সেই হাতখন বিচাৰক যিখনে আপোনাৰ দুখৰ সময়তো হাতত ধৰি থাকে ৷ সেই চকুযুৰি বিচাৰক যিযুৰিয়ে আপোনাক সকলো ক্ষেত্ৰতেই ধুনীয়া দেখে ৷ বিচাৰক সেই হৃদয়খন যিখন কেবল আপোনাৰ বাবে স্পন্দিত হয় ৷ যিখনত কেৱল আপুনিয়েই বাস কৰে ৷ যদিহে আপুনি বিচাৰি পালে তেন্তে আপুনি সঁচা ভালপোৱাক বিছাৰি পালে ৷

like Like


 Admin
(10-03-16) 09:51 AM
like 219
মৰমৰ এনাজৰী কিয় ছিঙিলি কোমল হিয়া মোৰ জ্বলে উমি উমি
কিয় এনেকৈ গলাযে আতৰি... বতাহত উৰিব প্ৰেমৰ গ্লানি..
দুখৰ সাগৰ উপচাই তুমি, কিয় ডুবালা মোৰ হিয়াখনি..!

like Like


 Admin
(10-03-16) 09:50 AM
like 334
তুমিযে ইমান সহজ কথা এটাকে নুবুজা! নুবুজা বাবেই মোৰ হাতত বাৰে বাৰে খামুচি ধৰা, চকুত চকু থোৱা... অথবা বহল বুকুত ঘূৰ্মুটিয়াই ফুৰে তোমাৰ অস্হিৰ ওঁঠ... উদভ্ৰান্তৰ দৰে কেতিয়াবা প্ৰশ্ন কৰা মোক :- "ক'ত ৰাখিছা মোক? ক'ত?" তুমি নাজানা বাবেই মোৰ পুতৌ হয়। হাঁহো মনে মনে তোমাৰ অস্হিৰতা দেখি... সকলোৱেই জনা সহজ কথা এটা তুমি নাজানা বাবেই তোমাৰ এই অস্হিৰতা। "মোৰ আত্মাত বিয়পি আছা তুমি!"

like Like


 Admin
(10-03-16) 09:48 AM
like 141
আকাশে কথাৰ মাজতে মেঘালীৰ হাতখনত ধৰে আৰু কয় ৷ "মেঘালী, তোমাৰ হাহি আৰু মোৰ হাহিৰ মাজত কি পাৰথক্য আছে কোৱাচোন ? মেঘালীয়ে কয় --নাজানো ৷ কোৱা তুমিয়েই ৷ আকাশে কয় " তুমি তেতিয়াই হাহা যেতিয়া তুমি সুখী হোৱা, আৰু মই তেতিয়াই হাহো যেতিয়া তুমি সুখী হোৱা "

like Like


 Admin
(10-03-16) 09:47 AM
like 202
তুমি অহাৰ বাতৰি বৰষুণত তিতি বুৰি মোৰ কলিজাত টোপাটোপে সোমালহি.... যৌৱন মতলীয়া এৰাটি স্বপ্ননীল আন্ধাৰত লুকুৱাই থওঁ মোৰ মেঘাচ্ছন্ন ভালপোৱা ... মুকলি খিৰিকীৰে অপেক্ষাত মই উজ্বলিব পাৰে শেষ প্ৰহৰত পোহৰৰ লেনিহান শিখা... বেদনাৰ বুকুছাত উটুৱাই দিও বিষাদ বাৰিষা.... অশ্ৰুসিক্ত আকাশ বতাহ তুমি অহাৰ বাতৰি পাই... বৰষুণত তিতি বুৰি সোণাৰু ফুলত হাঁহে জোন বেলি সেয়ে নেকি আজি বেদনাৰে উদুলি মুদুলি মোৰ হিয়াৰ পদূলি...

like Like


 Admin
(10-03-16) 09:46 AM
like 233
কিয় তুমি সপোনৰ লগত চিনাকি কৰালা.... সপোন শেষ হোৱাৰ পাছত আজি..
অনুভৱ কৰিছো হৃদয়ৰ মাজত তীব্ৰ বেদনা....
সপোনবোৰ কিমান সুন্দৰ আছিল...
তুমি কাষৰ পৰা আতৰি যোৱাৰ পিছতহে.. অনুভৱ হৈছে প্ৰেম কিমান সেউজ আছিল...!

like Like


 Admin
(10-03-16) 09:43 AM
like 192
মোৰ দুচকুৰ তলত উজাগৰি নিশাৰ আন্ধাৰ দেখিলে তোমাৰ খং উঠে।
অভিমানত ফাটি পৰা।
ধেনুভিৰীয়া চেলাউৰি কোচাই মোলৈ চাই প্ৰশ্ন কৰা প্ৰায়েই ...
"কোৱাচোন, কিয়নো ৰাতি ৰাতি শুব নোৱাৰা তুমি?"
মোৰ ভাল লাগে, হাঁহো মনে মনে ... মই গোপনে উপভোগ কৰোঁ তোমাৰ এই মইকেন্দ্ৰীক উদ্বিগ্নতা,
এই উদ্বিগ্নতাৰ বাবে যে মই কত ৰাতি উজাগৰে কটাব পাৰোঁ।

like Like


Site: Prv.Next.Last..1.2.3.4.5

Online:
Home | Back | Terms | DMCA | Top^

Download Bollywood full movie for free
Download Android App for Free